# একলব্য #
তুমি হেনু মোক ভাল নোপোৱা
নালাগে, ভাল পাব…,
লাগিলে জহন্নামে যাওঁক মোৰ যৌৱন
তথাপি প্ৰেমৰ নামত তোমাক
খাতিৰ কৰি নাথাকিম।
তুমি মোক ভাল নাপালা বুলিয়েই
মই কি তোমাক ভাল পাব নোৱাৰিম ?
হৃদয়ত তোমাৰ প্ৰতিমা সজাঁয়
যাঁচিবতো পাৰিম মোৰ
একপক্ষীয় ভালপোৱা,
তথাপি প্ৰেমৰ নামত তোমাক
খাতিৰ কৰি নাথাকিম…।
অ…, কামনা জাগিলে
শিতানৰ গাৰু সাৱতি
হস্তমৈথুনতাত নিশা কটাম,
কথা পাতিবৰ মন গ'লে
কাষ্টমাৰ কেয়াৰত ফোন লগাম,
তথাপি, প্ৰেমৰ নামত তোমাক
খাতিৰ কৰি নাথাকিম।
যদি মোৰ প্ৰচেষ্টা দেখি
প্ৰেমৰ দক্ষিণা লাগে তোমাক
তেন্তে খুজিবা,হৃদয়খনকে উইল কৰি দিম…বাপ্পেকে
কাৰণ… আধুনিক একলব্য মই
আজিৰ একলব্য মই।
Poet : Bhrigu Nath
EmoticonEmoticon