
ৰাতি মায়াত আৱদ্ধ দুটি উশাহ,
উক্ত হৈ উঠে প্ৰতি পল মাজনিশাৰ পৰা,
উলঙ্গ এন্ধাৰত এটা শৰীৰ হৈ থাকে দুটা
আত্মাৰ,
কেৱল উশাহ, উষ্ণতাৰ বতাহ।
কোনো জোনাকৰ পোহৰে সিহত
কজিলিকাই তোলা নাই,
কোনো জোনাকীয়ে এন্ধাৰ
পোহৰ খোদন কৰা নাই,
শুনা নাই মায়াৰ পৰা জিলিৰ মাত,
তাত মাতাল নিশাৰ উছৱ পাতিছে,
তাতে আকৌ দুখন বুকুত সম্ভোগ
ফুলিছে,
বুভুক্ষা প্ৰতিটো কোষ,
এই যেন সমস্ত নিৰ্জনতাৰ পৰা হঠাতে
উশাহৰ ডবা বাজিছে।
আঙুলিৰ ফাঁকত আঙুলি বান্ধি,
বুকুয়ে বুকুত হেচি ধৰি,
ওঁঠে ওঁঠে মাথো বাগৰিছে নিৰৱতাৰ
ভাষা।
ৰাতিৰ মায়াত আৱদ্ধ দুটি উশাহ,
শেষ নিশা ভাগৰুৱা টোপনিত হাঁহি উঠে দুটিছায়া।।।
-- এমন ৰাজ কোঁৱৰ ।
EmoticonEmoticon