
তোমাৰ কবিতা আৰু গীতৰ
চন্দ্ৰৰ ভাঁজে- ভাঁজে বিয়পে
অসমীয়াৰ বতৰ্মান আৰু অনাগতৰ ভবিষ্যত
তুমি ফুল হৈ ফুলিছা
তৰা হৈ জিলিকি আছা অতীতৰ আকাশত
তুমি চকুলো টুকিছা
বতৰ্মান আকাশৰ অনাগতৰ ভবিষ্যতৰ
মাতৃভাষাৰ আৰু মাতৃভূমিৰ বেদনাত
তুমি চকুলো নুটুকিবা,
তোমাৰ কবিতা, গীত সাৰে আছে বাবেই
আমিও সাৰে আছোঁ
মিনতি কৰিছোঁ
আকৌ এবাৰ আহা বিষ্ণু ৰাভা
অসমীৰ বুকুলৈ
এইবাৰ ইটাৰ দেরালত নহয় বুকুৰ দেরালত আতি-আতি কাটি লিখি যাম
আমাৰ দেশৰ স্বাধীনতাৰ নিদিয়ালৈকে
ভণ্ড ৰাজনীতি গৌ বেক- গৌ বেক
আমাক স্বাধীন লাগিব'ই- লাগিব'ই !!
-- প্ৰনৱ জ্যোতি চুতিয়া ।
EmoticonEmoticon