মোৰ শেষ কবিতা - An Assamese Poem

জীৱন যাত্ৰাৰ নাওঁখনে যে..
হও আবেলি ডুব যাব ধৰা..
পশ্চিম আকাশৰ ফালে..
লাহে লাহে বঠা বাব ধৰিছে..
আকাশ স্পন্দন তোমাৰ ওঁঠৰ হাঁহি..
এয়া মায়া মোক্ধতাৰ ছবি..
প্লাৱিত হব ধৰিছে কত কিমান..
বেদনাস্পুত ভাষাৰ..
আলোকসজ্জাবোৰ..
নিতান্তই এয়া এক...
স্পশকাতৰ শিলসজ্জাৰ আলোকচিত্ৰাংগণ...
বেদনাই যেন আৱতন আনিছে..
এয়াতো সময়ৰ চাপৰ প্ৰভাৱ..
বব ধৰে ৰঙা তেজৰ বিশাল সাগৰ..
তাতো জীণ আৱতন..
খোলা খিৰিকীৰ ফাঁকে ফাকে যোৱা..
কুৱলিৰ ডাৱৰ বোৰ..
নয়নযোৰা হেপাহ..এৰি অহা যন্তণা..
আৰু শেষৰফালে বই অহা কালধুমুহা..
এয়া তুমি নাজানা..
গোপনীয়তাৰে ৰখা ভাষাবোৰ..শব্দবোৰ..
আলোকসজ্জাবোৰ কিমান বিষাদময়..
শূলে বিন্ধা ঘাইদি নিগৰা..
চকুলোৰ জালিকা..
প্ৰিয়তম..
হয়তো এয়াই মোৰ শেষ কবিতা..

মাইনু গগৈ

Previous
Next Post »