কান্দি কান্দি জানো ,
শেষ কৰিব পাৰি চকুপানী,
নিগৰি নিগৰি উলুৱা,
চকু পানী জানো,
মচি মচি জানো শেষ কৰিব পাৰি,
কোনোবাই কব হয়তো,
প্ৰেম পাগল বুলি,
কোনোবাই হয়তো হাঁহিব,
প্ৰেমত পৰি বলিয়া হ'ল বুলি,
আৰু আৰু তুমি হাঁহি হাঁহি,
নিজানে নিৰৱে চায় ৰবা,
এইটোক মইয়ে,
পগলা কৰিলো বুলি,
আৰু তুমি পেলাই দিবা,
মোৰ গাত থুই,
পাগল,পাগল বুলি ,
লৰাবোৰ জোকাব মোক,
তেতিয়া দৌৰি আহি ,
চাবা মোক,
প্ৰাণ ভৰি হাঁহিবা,
এইটো কৰ পাগল বুলি,
কৈ থওঁ শুনা....
যদিওঁ হওঁ মই পাগল ,
এবাৰ হলেওঁ ধৰা দিবা,
মোৰ চকুৰ আগত,
গোঁচি তুমাক এপলক চায়,
উৰুলি যোৱা কম্বল খনকে সাৱতি,
পৰি ৰ'ম দুকানৰ সমুখত !!!
--বিশ্বজিত ফুকন

EmoticonEmoticon