
অাহাৰ মাহৰ মৰমসনা বৰুষুণজাক
মোৰ বাবে মাথো সোৱৰণি ,
মই দিয়া মৰমবোৰ পাহৰণিৰ
গৰ্ভত ৰাখিছা ছাগে !
আজিকালি মোৰ কি ভাৱ হয় জানা ,
যেন মোৰ জীৱনত তুমি ধুমুহাহে আছিলা
মোৰ সপোনৰ বন্তিগছি হঠাৎ নুমুৱাই দিলা ।
সাৰ পাই উঠা মৰমবোৰ ক্ৰমাৎ
জুইৰ দৰে জ্বলিব ধৰিলে ,
মৰমবোৰে দিক- বিদিক হেৰাই পেলাইছে
এইবোৰ এতিয়া অজীৰ্ণ ।
-- নয়ণ জ্যোতি হালৈ
EmoticonEmoticon