নিৰৱতা - An Assamese Poem



এজাক বতাহ আৰু তুমি
ফুলবোৰ ফুলি শেষ হোৱা নাই আজিও,
ৰংবোৰো হোৱা নাই ভাল লগাকৈ ৰঙীণ,
মই কোৱা নাছিলো, তোমাৰ আৰু মোৰ
কথা,
তুমিও কোৱা নাছিলা সম্ভাৱনাৰ আজি এই
বেথা ।
লুইতৰ পাৰৰ সেই চিনাকী বতাহ জাকৰ
অনুভৱ মই
প্ৰায়ে কৰো উজাগৰি ৰাতি,
তেতিয়াই অনুমান কৰো নিৰৱতা,
বহু বেছি নিৰৱতা ।
তোমাৰ উপস্হিতিয়ে মোৰ চৌপাশ নীলা
কৰি
ৰাখিছে,
নাভাবো বুলিও ভাবিবলৈ বাধ্য কৰাই ৰাখিছে
তোমাৰ
দুচকুৰ জোনাক ।
" নহয় যেন এইয়া মোৰ দুওঁঠৰ মৌনতা,
কেৱল বৈ থাকে নিৰৱতাৰ পৰা অশ্ৰু বন্যা,
নহয় যেন এজাক শিহৰনময় বতাহ,
এই যেন তোমাৰ চুলিত পাক লগা তমাম
হুমুনিয়াহ ।"
বহু বেছি নিৰৱতা মই,
বহু বেছি শূণ্যতা তুমি,
উচুপি আছে আজিও এপাহ পাৰিজাত তোমাৰ
অপেখ্যাত,
নাজানো কিমান আলৌকলৈ ।।।


-- -- এমন ৰাজ কোঁৱৰ  
Previous
Next Post »