সেউজীয়া নদী খনৰ বুকুত উমলি আছিল মানুহৰ মনবোৰ ৷
যেন সোনালী হাঁহ
পানীৰ ছবিৰ শীতল পৰশত
কুঁৱলিৰ আলজালত পাতল নিজৰা যেন সুবাস
পৃথিৱী প্ৰেমিক সেউজীয়াৰ হেপাহত
বেলি তপত এই শীতলতাৰ উমালত
শিলবোৰ কঢ়িয়াই ভগৰি পৰা নদী খন
ক্লান্ত হৈ শুই পৰিছে পাহাৰৰ গাতে
ক্ষুদ্ৰ মানুহৰ ৰাগিয়াল উছাহত সাৰ নাপায় নদী খন
বুকুতে জাহ যায় কামেঙৰ কলৰোল
একে খিনি মৰমে সামৰি লয় সকলোঁ
গতি ময় নদী দেখিলে ঈষা হয়
কিমান সপোন , কিমান গুন গুন আলাপ
কিমান প্ৰতিশ্ৰুতি কিমান চকুলো বুকুতে লৈ বৈ যায়
ক'লৈ যায়
কাৰো বাবে নৰয়
প্ৰতি ঘাটে চিঞৰি কয় মোৰ বাবে ৰোৱা এপলক
নিয়ম প্ৰয়াসী গতিৰে চুই যায় দুটি পাৰ প্ৰেমৰ অন্য এক নমুনা;
প্ৰেমিক পাহাৰ কেৱল নিস্তব্দ ৷
চুই চাব নোৱাৰে নদীৰ বুকু
ঢালি দিয়ে কেৱল সেউজীয়া ৰং
টুকুৰা টুকুৰে খহি থাকে , গলি থাকে ,পমি থাকে পাহাৰৰ
মৰম ৷
মই অক্লান্ত পৰিভ্ৰমীক পখী হৈ উৰি আহো নদীৰ বুকুলৈ
মোৰ এনে লাগে মইও যেন নদীৰ এটা ঘাট
শীতৰ এসন্ধিয়াত বুকুতে বুকু থৈ
এবাৰ শুনিম তাৰ গতিশী লতাৰ ৰাগ
জাঁজী হৈ বৈ যাম , হেৰাই যাম
সোনালী হাঁহ হৈ আকৌ আহিম সেউজীয়া নদীৰ বুকুলৈ
পাহাৰ হৈ চায় ৰম নদীৰ লয় লাস !!!
-- হাচনা বৰুৱা

EmoticonEmoticon