নীলা খামৰ চিঠি - An Assamese Poem

আধা লিখা চিঠিখন..
তেনেদৰেই পৰি ৰল..
শিতলি পাটীৰ বুকুত...

পিতায়ে দেখাৰ ভয়ত লুকুৱাই ৰাখোতেই...
নজানো আইয়ে কিদৰে ধৰা পেলাল...
লাজ নে ভয়ত কব নোৱাৰো..
বগা গাল দুখনি ৰঙা পৰি গল...

বহুদিন পোৱা নাই তোমাৰ বতৰা..
হেৰুৱাতো নাই তুমি মোৰ ঠিকনা...
তথাপিও যে লিখা নাই...
নীলা খামৰ চিঠি...

আছো ৰই বুকুত হেজাৰ সপোন লই...
আজাৰফুলা বতৰত অহাৰ আশাৰে...

উভতি নহাৰ কবিতা এটিৰে...
শেষ হল সকলো....
উটি গল সময়ৰ সুতত...
মৰম,,ভালপোৱা,,বিশ্বাস...
সীমাহীন অচিনা ঘাটলৈ....

অনচুমি প্ৰিয়ম

Previous
Next Post »