কলংপাৰৰ সেউজগাওঁৰ জীয়াৰী মই...
পিতাইৰ একমাত্ৰ জী...
আইয়ে দিয়া নামেৰে তেজশ্বিনী...
কণ্ কণ্ শিশুৰ মই জ্ঞানদায়িনী...
এতিয়া অন্ধবিশ্বাসত বলিয়ান...
দানৱৰূপী আপোনমানুহে দিয়া নামেৰে...
ডাইনী...
মই ডাইনী..
আই-পিতাইৰ মৃত্যুৰ কাৰণ মই...
বানগ্ৰস্ত মোৰ গাঁৱৰ দ্ৰাৰিদ্ৰতাৰ কাৰণ মই...
কাৰোবাৰ সন্নিপাত জ্বৰৰ কাৰণ মই...
নামঘৰৰ চুৰিকায্যৰ কাৰণো মই...
আই-পিতাই অ..কতেনো গলি অ..
হয়তো তহঁতে জোনৰ দেশত ঘৰ সাজিলি...
চাচোন ইহতে মোক ডাইনী সজালে...
বৰ কষ্ঠ...
মোক বৰ গছত আটি আটি মৰাপাটৰ ৰচিৰে বান্ধে...
বেতেৰে কোৱাই..চোৰাত পাতেৰে কোৱাই...
আমৰলি ঢালে...
আৰু সেই লম্পটটোৱে হাহেঁ...
তহতৰ হত্যাকাৰী...
মোক নিজৰ কৰিব নোৱাৰি...
ডাইনী সজাই..সি পাশৱিক হাঁহি মাৰে...
কোনেৱেই মোৰ কথা নোশুনে...
কেৱল অন্ধবিশ্বাসত মতলীয়া হই...
মোক ডাইনী সজাই...
মই ডাইনী...
পিতাইৰ একমাত্ৰ জী...
আইয়ে দিয়া নামেৰে তেজশ্বিনী...
কণ্ কণ্ শিশুৰ মই জ্ঞানদায়িনী...
এতিয়া অন্ধবিশ্বাসত বলিয়ান...
দানৱৰূপী আপোনমানুহে দিয়া নামেৰে...
ডাইনী...
মই ডাইনী..
আই-পিতাইৰ মৃত্যুৰ কাৰণ মই...
বানগ্ৰস্ত মোৰ গাঁৱৰ দ্ৰাৰিদ্ৰতাৰ কাৰণ মই...
কাৰোবাৰ সন্নিপাত জ্বৰৰ কাৰণ মই...
নামঘৰৰ চুৰিকায্যৰ কাৰণো মই...
আই-পিতাই অ..কতেনো গলি অ..
হয়তো তহঁতে জোনৰ দেশত ঘৰ সাজিলি...
চাচোন ইহতে মোক ডাইনী সজালে...
বৰ কষ্ঠ...
মোক বৰ গছত আটি আটি মৰাপাটৰ ৰচিৰে বান্ধে...
বেতেৰে কোৱাই..চোৰাত পাতেৰে কোৱাই...
আমৰলি ঢালে...
আৰু সেই লম্পটটোৱে হাহেঁ...
তহতৰ হত্যাকাৰী...
মোক নিজৰ কৰিব নোৱাৰি...
ডাইনী সজাই..সি পাশৱিক হাঁহি মাৰে...
কোনেৱেই মোৰ কথা নোশুনে...
কেৱল অন্ধবিশ্বাসত মতলীয়া হই...
মোক ডাইনী সজাই...
মই ডাইনী...
-অনচুমি প্ৰিয়ম...

EmoticonEmoticon