সময় নে দুসময়..(An Assamese Poem)

নাজানো এইয়া সময় নে দুসময়...
নুসুধিবা মোক..নাজানো মই..
মাথো গই আছো আগুৱাই..
আন্ধাৰৰ লুঙলুঙীয়া বাটত..
পাম বুলি জীৱনৰ সফলতা..
গোলাপ বুলি হয়তো তুলি লইছো..
মদাৰৰ থোপা..
এতিয়া যে বন্দুকৰ টিগাৰৰ আগত..  উলমি আছে সময়...
কি এইয়া সময় নে দুসময়...?

-প্ৰিন্স দিহিঙীয়া...

Previous
Next Post »